অল ইছলাম লাইব্ৰেৰী

95 - The Fig - At-Tīn

:1

শপত তীন আৰু যায়তুনৰ,

:2

শপত চিনাই পৰ্বতৰ,

:3

শপত এই নিৰাপদ নগৰখনৰ,

:4

নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো,

:5

তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো,

:6

কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।

:7

এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?

:8

আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু?