অল ইছলাম লাইব্ৰেৰী

1 - The Opener - Al-Fātiĥah

:1

(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

:2

সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।

:3

যিজন পৰম কৰুণাময়, পৰম দয়ালু।

:4

বিচাৰ দিৱসৰ মালিক।

:5

আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ।

:6

আমাক সৰল পথৰ হিদায়ত দিয়া।

:7

তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।