অল ইছলাম লাইব্ৰেৰী

96 - The Clot - Al-`Alaq

:1

পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,

:2

তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।

:3

পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

:4

যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

:5

তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

:6

বাস্তৱ এই যে, মানুহে সীমালঙ্ঘন কৰি থাকে।

:7

কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

:8

নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।

:9

তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।

:10

এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।

:11

কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত,

:12

অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)

:13

কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,

:14

সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?

:15

কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।

:16

মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।

:17

এতেকে সি নিজ পৰিষদক মাতি আনক।

:18

অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।

:19

কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।