অল ইছলাম লাইব্ৰেৰী

94 - The Relief - Ash-Sharĥ

:1

আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?

:2

আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?

:3

যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,

:4

আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।

:5

এতেকে দুখৰ লগতেই আছে সুখ

:6

নিশ্চয় দুখৰ লগতেই আছে সুখ।

:7

এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।

:8

আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।