অল ইছলাম লাইব্ৰেৰী

93 - The Morning Hours - Ađ-Đuĥaá

:1

পূৰ্বাহ্নৰ শপত,

:2

শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।

:3

তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।

:4

নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।

:5

নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক অনুগ্ৰহ প্ৰদান কৰিব, ফলত তুমি সন্তুষ্ট হ’বা।

:6

তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।

:7

আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।

:8

আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে।

:9

এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।

:10

আৰু ভিখাৰীক ধমক নিদিবা।

:11

আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।