অল ইছলাম লাইব্ৰেৰী

92 - The Night - Al-Layl

:1

শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,

:2

শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,

:3

আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।

:4

নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

:5

এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে,

:6

আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে,

:7

আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।

:8

আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে,

:9

আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে,

:10

আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।

:11

আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।

:12

নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।

:13

নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

:14

এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।

:15

তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য,

:16

যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

:17

আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,

:18

যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,

:19

আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,

:20

কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;

:21

আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।