অল ইছলাম লাইব্ৰেৰী

91 - The Sun - Ash-Shams

:1

শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,

:2

শপত চন্দ্ৰৰ, যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,

:3

আৰু দিনৰ শপত, যেতিয়া সূৰ্যক প্ৰকাশ কৰে,

:4

ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,

:5

শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,

:6

পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,

:7

শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,

:8

তাৰ পিছত ইয়াক তাৰ সত্কৰ্মৰ আৰু অসত্কৰ্মৰ জ্ঞান দান কৰিছে,

:9

নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।

:10

আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।

:11

ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।

:12

যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল,

:13

তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।

:14

কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।

:15

আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।