অল ইছলাম লাইব্ৰেৰী

90 - The City - Al-Balad

:1

মই শপত কৰিছো এই নগৰখনৰ,

:2

আৰু তুমি এই নগৰৰ অধিবাসী,

:3

শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে।

:4

নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত।

:5

সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব?

:6

সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'।

:7

সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?

:8

তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?

:9

এখন জিভা আৰু দুটা ওঁঠ?

:10

আৰু আমি তাক দুটা পথ দেখুৱাইছো।

:11

কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।

:12

আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?

:13

সেইটো হৈছে, দাসমুক্তি।

:14

অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,

:15

নিকটাত্মীয় এতীমক,

:16

অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,

:17

তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;

:18

এওঁলোকেই সৌভাগ্যশালী।

:19

আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য।

:20

সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।