অল ইছলাম লাইব্ৰেৰী

89 - The Dawn - Al-Fajr

:1

ফজৰৰ সময়ৰ শপত,

:2

শপত দহ ৰাতিৰ,

:3

শপত যোৰ আৰু বিযোৰৰ,

:4

আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,

:5

ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?

:6

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?

:7

ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰাসাদৰ?

:8

যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;

:9

আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;

:10

আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)

:11

যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,

:12

তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।

:13

ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।

:14

নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।

:15

আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।

:16

আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।

:17

কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,

:18

আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা,

:19

আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,

:20

আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;

:21

কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,

:22

আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,

:23

আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব?

:24

(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,

:25

সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।

:26

আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।

:27

হে প্ৰশান্ত আত্মা!

:28

তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,

:29

আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,

:30

আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।