তোমাৰ ওচৰত আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?
সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,
কৰ্মক্লান্ত, পৰিশ্ৰান্ত,
সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত;
উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব;
সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।
সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,
নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,
সুউচ্চ জান্নাতত,
তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,
তাত থাকিব প্ৰবাহমান নিজৰা,
তাত থাকিব উন্নত শয্যাসমূহ,
আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,
আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,
আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,
ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?
আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?
আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?
আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?
এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে,
তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।
নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।