তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে,
আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে,
তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।
অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।
আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।
কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া,
অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।