অল ইছলাম লাইব্ৰেৰী

86 - The Nightcommer - Aţ-Ţāriq

:1

শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;

:2

আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?

:3

(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।

:4

প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।

:5

এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!

:6

তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে,

:7

যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।

:8

নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।

:9

যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,

:10

সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।

:11

শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,

:12

শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,

:13

নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।

:14

আৰু এইটো নিৰৰ্থক নহয়।

:15

নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,

:16

আৰু ময়ো ভীষণ কৌশল কৰিছো।

:17

এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।