অল ইছলাম লাইব্ৰেৰী

83 - The Defrauding - Al-Muţaffifīn

:1

ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে,

:2

যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,

:3

আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

:4

সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?

:5

মহাদিৱসত।

:6

যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।

:7

কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।

:8

আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?

:9

চিহ্নিত আমলনামা।

:10

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:11

যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।

:12

আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।

:13

আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

:14

কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।

:15

কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।

:16

তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;

:17

তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

:18

কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা ইল্লিয়্যীনত আছে।

:19

আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?

:20

চিহ্নিত আমলনামা।

:21

সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।

:22

নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।

:23

সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

:24

তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,

:25

সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;

:26

আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।

:27

আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,

:28

(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।

:29

নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,

:30

আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

:31

আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল,

:32

আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।

:33

অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।

:34

এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।

:35

সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

:36

কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?