অল ইছলাম লাইব্ৰেৰী

84 - The Sundering - Al-'Inshiqāq

:1

যেতিয়া আকাশখন ভাঙি পৰিব,

:2

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।

:3

আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।

:4

আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।

:5

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।

:6

হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।

:7

এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব;

:8

অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।

:9

আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;

:10

আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,

:11

সি নিজৰ ধ্বংস আহ্বান কৰিব;

:12

আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;

:13

নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল,

:14

নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;

:15

হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।

:16

এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ,

:17

ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,

:18

আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;

:19

অৱশ্যে তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।

:20

কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?

:21

আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?

:22

বৰং কাফিৰসকলে অস্বীকাৰ কৰে।

:23

আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।

:24

সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া;

:25

কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।