অল ইছলাম লাইব্ৰেৰী

82 - The Cleaving - Al-'Infiţār

:1

যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,

:2

আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,

:3

আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,

:4

আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,

:5

তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।

:6

হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?

:7

যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,

:8

আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।

:9

কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;

:10

আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;

:11

সন্মানিত লেখক বৃন্দ;

:12

তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।

:13

নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।

:14

আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।

:15

সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;

:16

আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।

:17

আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?

:18

আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?

:19

সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।