107 - The Small kindnesses - Al-Mā`ūn
1
তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?
2
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
3
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
4
এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ,
5
যিসকলে নিজৰ ছালাতত অমনোযোগী,
6
যিসকলে আনক দেখুৱাবলৈহে কৰে,
7
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।