অল ইছলাম লাইব্ৰেৰী

107 - The Small kindnesses - Al-Mā`ūn

:1

তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?

:2

সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,

:3

আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।

:4

এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ,

:5

যিসকলে নিজৰ ছালাতত অমনোযোগী,

:6

যিসকলে আনক দেখুৱাবলৈহে কৰে,

:7

আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।