অল ইছলাম লাইব্ৰেৰী

106 - Quraysh - Quraysh

:1

যিহেতু ক্বুৰাইছসকল অভ্যস্ত,

:2

শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।

:3

এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।

:4

যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।