105 - The Elephant - Al-Fīl
1
তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল?
2
তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?
3
আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
4
যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল
5
ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।