104 - The Traducer - Al-Humazah
:1
দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
:2
যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
:3
সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।
:4
কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
:5
আৰু তুমি জানানে, হুতামা কি?
:6
ই আল্লাহৰ প্ৰজ্বলিত জুই।
:7
যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
:8
নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।
:9
ওখ ওখ স্তম্ভসমূহত।