অল ইছলাম লাইব্ৰেৰী

80 - He Frowned - `Abasa

:1

তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে,

:2

তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।

:3

কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,

:4

অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।

:5

আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে,

:6

তুমি তাৰ প্ৰতি মনোযোগ দিছা।

:7

অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই,

:8

আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে,

:9

আৰু সি (আল্লাহক) ভয়ো কৰে,

:10

তাৰ প্ৰতি তুমি উদাসীন হ’লা।

:11

কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী,

:12

গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,

:13

এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।

:14

সমুন্নত, পৱিত্ৰ,

:15

লেখক বা দূতসকলৰ হাতত।

:16

(যিসকল) মহাসন্মানিত, পূণ্যবান।

:17

মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ!

:18

তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে?

:19

শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,

:20

তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;

:21

তাৰ পিছত তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।

:22

আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।

:23

কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।

:24

এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।

:25

নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,

:26

তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;

:27

তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য;

:28

আঙুৰ আৰু শাক-পাচলি,

:29

যায়তুন আৰু খেজুৰ গছ,

:30

ঘন গছ-গছনি বিশিষ্ট উদ্যান,

:31

ফল-মূল আৰু তৃণ-ঘাঁহ,

:32

এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।

:33

এতেকে যেতিয়া তীক্ষ্ন (বিকট) শব্দ আহিব,

:34

সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,

:35

আৰু তাৰ মাক-বাপেকৰ পৰা,

:36

তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,

:37

সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব, এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।

:38

সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,

:39

হাঁহিৰে ভৰা, আনন্দত উত্ফুল্লিত,

:40

আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,

:41

ক’লা আৱৰণে আৱৰি ধৰিব।

:42

এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।