অল ইছলাম লাইব্ৰেৰী

79 - Those who drag forth - An-Nāzi`āt

:1

শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।

:2

আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

:3

আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

:4

আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

:5

তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

:6

সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

:7

তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।

:8

সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

:9

সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

:10

সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে?

:11

যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

:12

সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

:13

প্ৰকৃততে এইটো এটা বিৰাট শব্দ।

:14

তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

:15

মূছাৰ ঘটনাটো তুমি পাইছানে?

:16

যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

:17

‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে,

:18

তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে?

:19

আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।

:20

তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

:21

কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

:22

তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

:23

তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

:24

আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

:25

অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

:26

নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

:27

তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

:28

তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

:29

আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

:30

তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।

:31

তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

:32

আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

:33

এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।

:34

আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

:35

সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

:36

আৰু প্ৰত্যক্ষকাৰী সকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান।

:37

এতেকে যিয়ে সীমালঙ্ঘন কৰে,

:38

আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

:39

নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

:40

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

:41

নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।

:42

সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

:43

সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

:44

ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;

:45

যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

:46

যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।