অল ইছলাম লাইব্ৰেৰী

70 - The Ascending Stairways - Al-Ma`ārij

:1

আবেদনকাৰীয়ে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব--

:2

কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।

:3

এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,

:4

ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।

:5

এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।

:6

সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।

:7

আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।

:8

সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,

:9

আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে,

:10

আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,

:11

সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,

:12

আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,

:13

আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,

:14

আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে (দিব বিচাৰিব), যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।

:15

কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই,

:16

যিয়ে মূৰৰ ছাল খহাই পেলাব।

:17

জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

:18

আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।

:19

নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।

:20

যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।

:21

আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।

:22

কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,

:23

যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,

:24

আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে,

:25

খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,

:26

আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।

:27

আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--

:28

নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়;

:29

আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,

:30

কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--

:31

কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।

:32

আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,

:33

আৰু যিসকলে নিজ সাক্ষ্যদানত অটল,

:34

আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,

:35

তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।

:36

কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে?

:37

সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।

:38

সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?

:39

কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।

:40

এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম,

:41

সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।

:42

এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।

:43

সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে,

:44

সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।