অল ইছলাম লাইব্ৰেৰী

69 - The Reality - Al-Ĥāqqah

:1

সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)

:2

কি সেই অৱশ্যম্ভাৱী ঘটনা?

:3

আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

:4

ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

:5

সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

:6

আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,

:7

ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

:8

ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?

:9

আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।

:10

আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।

:11

যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।

:12

আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।

:13

এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।

:14

আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

:15

ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

:16

আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

:17

আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

:18

সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

:19

তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

:20

‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

:21

তেওঁ থাকিব সন্তোষজনক জীৱনত;

:22

সুউচ্চ জান্নাতত,

:23

যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।

:24

(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

:25

কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!

:26

‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ!

:27

‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন!

:28

‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।

:29

‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

:30

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

:31

‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

:32

তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

:33

নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

:34

আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।

:35

এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

:36

আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,

:37

যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

:38

এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা,

:39

আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা;

:40

নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

:41

আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

:42

আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

:43

এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

:44

যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

:45

তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,

:46

তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,

:47

এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।

:48

আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

:49

আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

:50

আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।

:51

আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।

:52

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।