109 - The Disbelievers - Al-Kāfirūn
1
কোৱা, ‘হে কাফিৰসকল !
2
তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
3
আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
4
আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
5
আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
6
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।