অল ইছলাম লাইব্ৰেৰী

102 - The Rivalry in world increase - At-Takāthur

:1

প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।

:2

যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।

:3

কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।

:4

আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।

:5

কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।

:6

নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা।

:7

আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।

:8

তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।