99 - The Earthquake - Az-Zalzalah
:1
যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব,
:2
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,
:3
আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?
:4
সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,
:5
কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,
:6
সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,
:7
এতেকে যিয়ে অণু পৰিমাণ সত্কৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।
:8
আৰু যিয়ে অণু পৰিমাণ অসত্কৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।