অল ইছলাম লাইব্ৰেৰী

77 - The Emissaries - Al-Mursalāt

:1

শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,

:2

তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,

:3

শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ,

:4

তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,

:5

তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---

:6

ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে,

:7

নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।

:8

যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,

:9

আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব,

:10

আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,

:11

আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,

:12

কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?

:13

বিচাৰ দিনৰ বাবে।

:14

আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?

:15

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:16

আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?

:17

তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

:18

অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।

:19

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:20

আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে?

:21

তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো,

:22

এটা নিৰ্দিষ্ট সময় লৈকে,

:23

তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!

:24

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:25

আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?

:26

জীৱিতসকল আৰু মৃতসকলৰ বাবে?

:27

আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

:28

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:29

(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

:30

যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,

:31

যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,

:32

নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,

:33

এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,

:34

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:35

এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,

:36

আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

:37

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:38

‘এইটো ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

:39

এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

:40

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:41

নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,

:42

আৰু তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

:43

(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;

:44

সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।

:45

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:46

(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

:47

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:48

যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা, (তেতিয়া) সিহঁতে ৰুকু’ নকৰে’।

:49

সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

:50

এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?