অল ইছলাম লাইব্ৰেৰী

75 - The Resurrection - Al-Qiyāmah

:1

মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,

:2

মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,

:3

মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?

:4

কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

:5

বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।

:6

সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিনটো কেতিয়া আহিব?

:7

যেতিয়া চকু স্থিৰ হৈ যাব,

:8

আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,

:9

আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-

:10

সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?

:11

কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

:12

সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

:13

সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।

:14

বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,

:15

যদিও সি নানা অজুহাত দেখুৱায়।

:16

ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

:17

নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

:18

এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,

:19

তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।

:20

কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;

:21

আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

:22

সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,

:23

সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

:24

আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,

:25

সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

:26

নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,

:27

আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?

:28

তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

:29

আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

:30

সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

:31

এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

:32

বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

:33

তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,

:34

দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

:35

আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

:36

মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?

:37

সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?

:38

তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

:39

তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।

:40

তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?