অল ইছলাম লাইব্ৰেৰী

56 - The Inevitable - Al-Wāqi`ah

:1

যেতিয়া কিয়ামত সংঘটিত হ’ব,

:2

(তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।

:3

ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;

:4

যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,

:5

আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,

:6

ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;

:7

আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত----

:8

এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!

:9

আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!

:10

আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,

:11

তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--

:12

নিয়ামতেৰে ভৰা জান্নাতত,

:13

বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;

:14

আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

:15

সোণেৰে নিৰ্মিত আসনমূহত,

:16

তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।

:17

তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকলে,

:18

প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,

:19

সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--

:20

আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,

:21

আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।

:22

আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,

:23

যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,

:24

তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।

:25

তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,

:26

শুনিব কেৱল ছালাম আৰু ছালাম।

:27

আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!

:28

তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,

:29

আৰু থোকেৰে ভৰা কল গছ,

:30

আৰু সম্প্ৰসাৰিত ছাঁ,

:31

আৰু সদায় প্ৰবাহমান পানী,

:32

আৰু প্ৰচুৰ ফল-মূল,

:33

যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।

:34

আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;

:35

নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---

:36

তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,

:37

নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,

:38

সোঁফালৰ লোকসকলৰ বাবে।

:39

বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;

:40

আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

:41

আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!

:42

সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,

:43

আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,

:44

যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।

:45

নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,

:46

আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপ কামত।

:47

আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হ'ম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?

:48

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?

:49

কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--

:50

সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।

:51

তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!

:52

নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা,

:53

সেইটোৰেই তোমালোকে পেট ভৰাবা,

:54

তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---

:55

তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।

:56

প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।

:57

আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?

:58

তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?

:59

সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?

:60

আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--

:61

তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।

:62

আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?

:63

তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?

:64

সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?

:65

আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;

:66

(এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলোঁ’,

:67

‘বৰং আমি বঞ্চিত’।

:68

তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে কোৱাচোন,

:69

মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰোঁ?

:70

আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা?

:71

তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন,

:72

তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?

:73

ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।

:74

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

:75

এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,

:76

আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন--

:77

নিশ্চয় এইখন মহিমান্বিত কোৰআন,

:78

যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।

:79

পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।

:80

এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

:81

তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?

:82

আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!

:83

এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,

:84

আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,

:85

আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।

:86

এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,

:87

তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!

:88

তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,

:89

তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।

:90

আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,

:91

তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।

:92

কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,

:93

তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,

:94

আৰু জাহান্নামৰ দহনেৰে;

:95

নিশ্চয় এইটো সুনিশ্চিত সত্য।

:96

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।