অল ইছলাম লাইব্ৰেৰী

54 - The Moon - Al-Qamar

:1

কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,

:2

আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।

:3

আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।

:4

আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,

:5

এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।

:6

এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,

:7

অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,

:8

সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।

:9

ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।

:10

তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।

:11

ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,

:12

আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।

:13

আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।

:14

যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।

:15

আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?

:16

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

:17

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

:18

আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

:19

নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,

:20

সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।

:21

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

:22

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

:23

ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

:24

আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হ'ম।

:25

আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।

:26

অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।

:27

নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছোঁ, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।

:28

আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।

:29

তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।

:30

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

:31

নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।

:32

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

:33

লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

:34

নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,

:35

আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।

:36

আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।

:37

আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।

:38

আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।

:39

‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।

:40

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

:41

আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল;

:42

সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলোঁ।

:43

তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?

:44

নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?

:45

এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব,

:46

বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;

:47

নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।

:48

যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।

:49

নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।

:50

আৰু আমাৰ আদেশ কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।

:51

আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?

:52

আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,

:53

আৰু সকলো সৰু-বৰ কথা লিখিত আছে।

:54

নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,

:55

যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।