অল ইছলাম লাইব্ৰেৰী

32 - The Prostration - As-Sajdah

:1

আলিফ-লাম-মীম।

:2

এই কিতাব সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।

:3

অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইটো তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এয়া তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, সম্ভৱত সিহঁতে হিদায়ত লাভ কৰিব।

:4

আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

:5

তেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সেয়া এদিন তেওঁৰ ওচৰলৈকেই উঠিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।

:6

তেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।

:7

যিজনে নিজৰ প্ৰত্যেকটো সৃষ্টিক সৃজন কৰিছে উত্তমৰূপে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।

:8

তাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।

:9

তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

:10

আৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।

:11

কোৱা, ‘তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে মৃত্যুৰ ফিৰিস্তা, তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক ওভোতাই নিয়া হ’ব’।

:12

আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধী বিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি দেখিলোঁ আৰু শুনিলোঁ, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।

:13

আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই ইয়াৰ হিদায়ত দিলোহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।

:14

এতেকে ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে এই দিনৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলোঁ। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।

:15

কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।

:16

তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।

:17

এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰে হিচাপে!

:18

এতেকে এজন মুমিন ব্যক্তি ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।

:19

যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ বাবে আছে জান্নাতৰ বাসস্থান।

:20

আৰু যিসকলে পাপকৰ্ম কৰে সিহঁতৰ বাসস্থান হ’ব জুই; যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ ওভোতাই দিয়া হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো আস্বাদন কৰা’।

:21

আৰু অৱশ্যে আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।

:22

যি ব্যক্তিয়ে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী।

:23

আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ে সন্দেহ পোষণ নকৰিবা; আৰু আমি সেই (কিতাব)খনক বনী ইছৰাঈলৰ বাবে হিদায়তস্বৰূপ কৰি দিছিলোঁ।

:24

আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোক ধৈৰ্য্য ধাৰণ কৰিছিল; আৰু তেওঁলোক আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।

:25

নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰি দিব, যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে।

:26

এইটোৱেও সিহঁতক হিদায়ত নকৰিলেনে যে, আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; তথাপিও সিহঁতে নুশুনিবনে?

:27

সিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰোঁ। তাৰ পিছত সেইটোৰে শস্য উৎপন্ন কৰোঁ, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে?

:28

আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া হ’ব এই বিজয়’?

:29

কোৱা, ‘বিজয়ৰ দিনা কাফিৰসকলৰ ঈমান পোষণ কোনো কামত নাহিব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব’।

:30

এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।