All Islam Directory
1

ত্ব-ছীন-মীম।

2

এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

3

সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।

4

আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।

5

আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

6

এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।

7

সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!

8

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

9

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

10

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,

11

ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’?

12

মুছাই ক’লে, ‘হে মোৰ ৰব্ব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।

13

‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।

14

‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।

15

আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।

16

‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,

17

‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।

18

ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোনে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা,

19

‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।

20

মুছাই ক’লে, ‘সেইটো মই তেতিয়া কৰিছিলোঁ, যেতিয়া মই বিভ্ৰান্ত আছিলোঁ’।

21

‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।

22

‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।

23

ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব্ব আকৌ কি’?

24

মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ ৰব্ব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।

25

ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?

26

মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব্ব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব্ব’।

27

ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।

28

মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ ৰব্ব; যদি তোমালোকে বুজি পোৱা’।

29

ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।

30

মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’?

31

ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।

32

তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।

33

আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।

34

ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।

35

‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?

36

সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,

37

‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।

38

তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,

39

আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?

40

‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।

41

এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?

42

ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

43

মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।

44

তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।

45

তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।

46

তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।

47

তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি,

48

‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।

49

ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।

50

তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।

51

নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।

52

আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।

53

তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,

54

‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল,

55

‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,

56

‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।

57

পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,

58

লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।

59

এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।

60

তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।

61

এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’

62

মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।

63

তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;

64

আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,

65

আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকল,

66

তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।

67

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

68

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

69

আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।

70

যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?

71

সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।

72

তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে?

73

‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’?

74

সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।

75

ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা,

76

‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!

77

‘আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব্ব (আল্লাহ)ৰ বাহিৰে।

78

‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।

79

‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।

80

‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।

81

‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

82

‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।

83

‘হে মোৰ ৰব্ব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।

84

‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,

85

‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,

86

‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।

87

‘আৰু (হে মোৰ ৰব্ব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।

88

‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;

89

‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।

90

আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,

91

আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;

92

সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--

93

আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে?

94

তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,

95

লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।

96

সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,

97

‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,

98

‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;

99

‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,

100

‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।

101

‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।

102

‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’

103

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

104

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

105

নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

106

যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

107

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

108

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

109

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

110

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

111

সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’?

112

নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন?

113

‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন!

114

‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।

115

‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।

116

সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই মৃত্যুদণ্ড দিয়া লোকসকলৰ অন্তৰ্ভুক্ত হ’বা’।

117

নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব্ব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।

118

‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।

119

ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাঁৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।

120

তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।

121

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

122

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

123

আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

124

যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

125

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

126

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

127

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

128

‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?

129

‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।

130

‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।

131

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

132

‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।

133

‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,

134

‘উদ্যান আৰু ঝৰ্ণাসমূহ,

135

‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰোঁ’।

136

সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।

137

‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।

138

‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।

139

এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

140

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

141

ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

142

যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?

143

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

144

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

145

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

146

‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?

147

‘উদ্যান আৰু ঝৰ্ণাসমূহত,

148

‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?

149

‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।

150

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

151

‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,

152

‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।

153

সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।

154

‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।

155

তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।

156

‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।

157

তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।

158

এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

159

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

160

লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

161

যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

162

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

163

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

164

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

165

‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা?

166

‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।

167

সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।

168

তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰোঁ।

169

(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব্ব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।

170

ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।

171

কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

172

তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।

173

আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!

174

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

175

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

176

আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

177

যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

178

‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

179

‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

180

‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

181

‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।

182

‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।

183

‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।

184

‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।

185

সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকৰসকলৰ অন্যতম।

186

‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱোঁ।

187

‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।

188

তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।

189

এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।

190

নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

191

আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

192

নিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।

193

বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।

194

তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।

195

সুস্পষ্ট আৰবী ভাষাত।

196

আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।

197

এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে?

198

আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন;

199

আৰু সেইখনক তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।

200

এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।

201

সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।

202

এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।

203

তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?

204

তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?

205

তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,

206

তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে,

207

সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?

208

আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,

209

(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।

210

আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।

211

আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।

212

নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।

213

এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।

214

আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।

215

আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।

216

এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।

217

আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,

218

যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,

219

আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।

220

নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

221

মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?

222

সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।

223

সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।

224

আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।

225

তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?

226

আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।

227

কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।