অল ইছলাম লাইব্ৰেৰী

111 - The Palm Fiber - Al-Masad

:1

ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।

:2

তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।

:3

অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।

:4

আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,

:5

তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি।